Short Question for 4/5 Marks

Q - 7. স্থলাকৃতি (landform) বুলিলে কি বুজা?

উত্তৰ - পৃথিৱীৰ উপবিভাগত নানান ধৰণৰ ভূ-অৱয়ব যেনে– পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী, উপত্যকাৰ লগতে সাগৰ মহাসাগৰৰ তলতো নানান ধৰণৰ আকাৰ আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে৷ এইদৰে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্যপূৰ্ণ কৰা অৱয়ববোৰকে স্থলাকৃতি বুলি কোৱা হয়৷


Q - 8. ভূ-আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া৷

উত্তৰ - ভূগোলৰ যিটো শাখাই ভূ-পৃষ্ঠৰ বিভিন্ন অৱয়ব বা স্থলাকৃতিবোৰৰ উৎপত্তি [Origin] ক্ৰমবিকাশ [Evolution], আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে [Distribution] অধ্যয়ন কৰে, সেই শাখাটোক ভূ-আকৃতিক বিজ্ঞান (Geomorpholgy) বোলে৷


Q - 9. বাহ্যিক কাৰক কাক বোলে?

উত্তৰ - যিবোৰ কাৰকে পৃথিৱীৰ উপৰিভাগত বা স্থলভাগ আৰু জল ভাগত ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ পৰিবৰ্তন কৰে, তাকে বাহ্যিক কাৰক বোলে৷ যেনে– বতাহ, নদ - নদী ইত্যাদি৷


Q - 10. বাহ্যিক কাৰক বা প্ৰক্ৰিয়াৰ ভিতৰত কি কি পৰে লিখা৷

উত্তৰ - বাহ্যিক প্ৰক্ৰিয়া বা কাৰকবোৰৰ ভিতৰত বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান৷


Q - 11. অৱনমন [Bond Dune] বুলিলে কি বুজা?

উত্তৰ - মৰুভূমিত সাধাৰণতে উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে৷ বতাহে যি প্ৰক্ৰিয়াৰ জৰিয়তে ধূলি বালিবোৰ অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে, সেই প্ৰক্ৰিয়াক বা কাৰ্যক অৱনমন বোলে৷


Q - 12. অনুদৈঘ্য বালিয়াৰি কাক বোলে?

উত্তৰ - বতাহে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ কোনো এক ঠাইত জমা কৰি বালিয়াৰৰ সৃষ্টি কৰে৷ কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হ’ব পাৰে৷ এনে বালিয়াৰিক অনুদৈৰ্ঘ্য্ বালিয়াৰি বোলে৷


Q - 13. অপঘৰ্ষণ (Abrasion) কাক বোলে?

উত্তৰ - মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগতে শিলো কঢ়িয়াই নিয়ে৷ বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চভূমিৰ ক্ষয়সাধন কৰে৷ ঘৰ্ষণৰ যোগেদি ঘটা এনে ক্ষয় প্ৰক্ৰিয়াক অপঘৰ্ষণ বোলে৷


Q - 14. সংনিঘৰ্ষণ [Att...] কাক বোলে?

উত্তৰ - মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগতে শিলো কঢ়িয়াই নিয়ে৷ বতাহৰ দ্বাৰা পৰিবাহিত শিল বালিবোৰৰ মাজতো পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হৈ শিলবোৰ ভাঙি-চিঙি টুকুৰ টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলে৷


Q - 15. অনুপ্ৰস্থ বালিয়াৰি (Traverse sond Dune) কাক বোলে?

উত্তৰ - বতাহে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ কোনো এক ঠাইত জমা কৰি বালিয়াৰিৰ সৃষ্টি কৰে৷ কিছুমান বালিয়াৰি আকৌ পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত হ’ব পাৰে৷ তেনে বালিয়াৰিক অনুপ্ৰস্থ বালিয়াৰি বোলে৷


Q - 16. বাৰখান (Barkhan) কাক বোলে?

উত্তৰ - বতাহে অৱনয়ন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ কোনো এক ঠাইত জমা কৰি বালিৰ পাহাৰ বা বালিয়াৰিৰ সৃষ্টি কৰে৷ কোনো কোন ঠাইত আকৌ পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰি সৃষ্টি হয়৷ এইবোৰক বাৰখান বোলে৷


Q - 17. মৰূদ্যান (Oasis) কাক বোলে?

উত্তৰ - মৰুভূমিৰ উপৰিভাগ শুকান বালিময় হোৱাৰ কাৰণে বতাহে ধূলি বালি, ক্ষুদ্ৰ শিল আদি অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে৷ এই প্ৰক্ৰিয়াকে অৱনয়ন বোলে৷ অৱনয়নৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূগৰ্ভস্থ বলপৃষ্টৰ ওচৰ পাব পাৰে৷ সেই অৱনমিত অংশটোক মৰূদ্যান বোলে৷


Q - 18. ইনছেলবাৰ্গ (Inselberg) কাক বোলে?

উত্তৰ - মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগতে শিলো কঢ়িয়াই নিয়ে৷ বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চভূমিৰ ক্ষয়সাধন কৰে৷ ঘৰ্ষণৰ যোগেদি ঘটা এনে ক্ষয় প্ৰক্ৰিয়াক অপঘৰ্ষণ বোলে৷ এই প্ৰক্ৰিয়াৰ ফলত উচ্চভূমি বা পাহাৰবোৰ মৰু হৈ আহে আৰু শেষত অতি কঠিন অংশ ৰৈ যায় যাক ইনছেলবাগ বোলা হয়৷


Q - 19. বিস্তৃত বানপানী (Sheet Flood) কাক বোলে?

উত্তৰ - সাধাৰণতে মৰুভূমিত বৰষুণৰ পৰিমাণ একেবাৰে কম৷ বেছিভাগ ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০ চে মিৰতকৈ কম৷ কিন্তু কোনো কোনো সময়ত অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি কৰি বহু ঠাই বিয়পি পৰে৷ এনে বানপানীক বিস্তৃত বানপানী বোলে৷


Q - 20. হিমবাহ (Glacius) কাক বোলে?

উত্তৰ - পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে৷ এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চ অংশবোৰ পৰে৷ ভূ-পৃষ্ঠত জমা হৈ থকা বৰফ স্তুপবোৰ মাটিৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে ক্ৰমে তললৈ নামি আহে৷ এনেদৰে নামি অহা বৰফকে হিমবাহ বোলে৷


Q - 21. প্লায়া (Playas) কাক বোলে?

উত্তৰ - মৰুভূমি অঞ্চলত পৰ্বত-পাহাৰে ঘেৰি ৰখা শ্ৰেণীবোৰত অধিক বৰষুণ হ’লে চাৰিওফালৰ ওখ ঠাইৰ পৰা অহা পানী জমা হৈ দ্ৰোণীৰ মধ্য ভাগত তৰাং সংবাৰৰৰ সৃষ্টি হয়৷ এনেকুৱা তৰাং হ্ৰদকে প্লায়া বোলে৷ বহুদিন বৰষুণ নহ’লে হ্ৰদৰ পানী শুকাই নাইকিয়া হৈ যায়৷


Q - 22. ‘ব্ভ’ আকৃতিৰ উপত্যকা কি বুজাই লিখা৷

উত্তৰ - আকৃতিৰ উপত্যকা সাধাৰণতে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ৱ৷ হিমবাহে বৰফৰ স্তৰ লগতে শিলাখণ্ড আৰু শিল বালিও কঢ়িয়াই আনে আৰু গতিপথত সজোৰে খনন কাৰ্য চলায়৷ এনে খনন কাৰ্যৰ ফলত ব্ভ আকৃতিৰ দীঘলীয়া গতিপথৰ সৃষ্টি কৰে৷ তাকে ব্ভ আকৃতিৰ উপত্যকা বোলে৷


Q - 23. ওলোমা উপত্যকা (Hanging Valley) কাক বোলে?

উত্তৰ - ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব৷ সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল, হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে৷ মূল হিমবাহৰ উপত্যকাৰ তুলনামূলকভাবে ডাঙৰ আৰু দ৷ উপহিমবাহৰ উপত্যকা সৰু আৰু কম দ৷ স্বাভাৱিক কাৰণতে য’ত আহি উপহিমবাহ মূল হিমবাহৰ লগত লগ লাগে৷ তাতে উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকা যেন লাগে৷ সেয়ে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয়৷


Q - 24. গ্ৰাব (Moraine) কি?

উত্তৰ - গ্ৰাব হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষে পন জনিত অৱয়ব৷ কোন উপত্যকাৰে হিমবাহ এটা নামি আহোঁতে ই বৰফৰ বাহিৰে আন কিছুমান পদাৰ্থ কঢ়িয়াই আনে৷ সামগ্ৰিকভাৱে এই পদাৰ্থবোৰকে গ্ৰাব বোলে৷ গ্ৰাব সাধাৰণতে চাৰি প্ৰকাৰৰ– পাশ্ব গ্ৰাব, ভূমিগ্ৰাব, মধ্যগ্ৰাব আৰু প্ৰান্তগ্ৰাব ৷


Q - 25. ড্ৰামলিন (Drumlin) কাক বোলে?

উত্তৰ - ড্ৰামনি হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত অৱয়ৱ হিমবাহ উপত্যকাৰে নামি আহোঁতে ই বৰফৰ লগতে আন কিছুমান পদাৰ্থ কঢ়িয়াই আনি হিমবাহৰ প্ৰান্তীয় অঞ্চলত টিলাৰ আকৃতিৰ অৱয়বৰ সৃষ্টি কৰে, তাকে ড্ৰামলিন বোলে৷


Q - 26. বতাহে মৰুভূমিত কি কি কাৰ্য সম্পাদন কৰে?

উত্তৰ - বতাহে মৰুভূমিত প্ৰধানকৈ তিনিটা কাৰ্য সম্পাদন কৰে৷ সেয়া হৈছে ক] খনন কাৰ্য, খ] পৰিবহণ কাৰ্য আৰু গ] অৱক্ষেপন কাৰ্য৷


Q - 27. বতাহৰ ক্ষয়কাৰ্যৰ ফলত কি কি ভূ-অৱয়ব সৃষ্টি হয়?

উত্তৰ - বতাহৰ ক্ষয়কাৰ্যৰ ফলত সৃষ্টি হোৱা ভূ-অৱয়ববোৰ হ’ল– ক] ইন্ছেলৰ্বাগ, খ] ইয়াৰৰদাং, গ] পাদসমপ্ৰায়ভূমি (Pediplains), ঘ] প্লায়া ঙ] ছত্ৰক (Mushroom) ইত্যাদি৷


Q - 28. বতাহৰ অৱক্ষেপন কাৰ্যৰ ফলত কি কি ভূ-অৱয়বৰ সৃষ্টি হয়?

উত্তৰ - বতাহৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা ভূ-অৱয়ববোৰ হৈছে– বালিয়াৰি, অনুদৈৰ্ঘ্য্য বালিয়াৰি, অনুপ্ৰস্থ বালিয়াৰি, বাৰখান আৰু লোয়েস ইত্যাদি৷


Q - 29. হিমবাহৰ ক্ষয়কাৰ্যৰ ফলত কি কি ভূ-অৱয়বৰ সৃষ্টি হয়?

উত্তৰ - হিমবাহৰ ক্ষয়কাৰ্যৰ ফলত সৃষ্টি হোৱা ভূ-অৱয়বোৰ হৈছে– ক] চাৰ্ক (Cirque), খ] হৰ্ণ (Horn), গ] ব্ভ আকৃতিৰ উপত্যকা, ঘ] ওলোমা উপত্যকা, ঙ] এৰেট বা তীক্ষ..... কটক, চ] ফয়িৰ্ড


Q - 30. হিমবাহৰ অৱক্ষেপন জড়িত অৱয়ববোৰ কি কি?

উত্তৰ - হিমবাহৰ অৱক্ষেপন জনিত অৱয়ববোৰ হৈছে– ক] ড্ৰামলিন, খ] এস্কাৰ, গ] কেম, ঘ] স্ৰাৱ, ঙ] হিমান অৱক্ষেপন ভূমি (outwash plains) ইত্যাদি৷


Q - 33. অপঘৰ্ষণ কি? ইয়াৰ ফলত কি ধৰণৰ অৱয়ব সৃষ্টি হয়?

উত্তৰ - অপঘৰ্ষণ হৈছে বতাহে সৃষ্টি কৰা একপ্ৰকাৰ ক্ষয়কাৰ্য৷ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে তীব্ৰ বেগী বতাহে ধূলি বালিৰ লগতে শিলো কঢ়িয়াই নিয়ে৷ বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চভূমিৰ ক্ষয়সাধন কৰে৷ ঘৰ্ষণৰ যোগেদি ঘটা এনে ক্ষয়প্ৰক্ৰিয়াক অপঘৰ্ষণ বোলে৷ অপঘৰ্ষণৰ ফলত মৰুভূমিত ইনছেলবাৰ্গ [Inselberg] ইয়াৰদাং (Yardang) আদি ক্ষয়জনিত অৱয়বৰ সৃষ্টি হয়৷ মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰবোৰেই হৈছে ইন্ছেলবাৰ্গ৷


Q - 39. আভ্যন্তৰীণ কাৰক কাক বোলে?

উত্তৰ - যিবোৰ কাৰকে পৃথিৱীৰ অন্তভাগত ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ পৰিবৰ্তন কৰে তাকে আভ্যন্তৰীণ কাৰক [Endgenetic Forces] বোলে৷ যেনে– ভূমিকম্প৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq