Q - 11. ‘অসমৰ বৈচিত্ৰ্য পূৰ্ণ জন গোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে৷’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা৷
উত্তৰ - অসম ৰাজ্যখন বিভিন্ন জাতি , উপজাতি আৰু জনজাতি জনগোষ্ঠীৰ মিলনভূমি৷ সেইবাবে অসমৰ সংস্কৃ.তিও বাৰে বৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ৷ প্ৰাচীন কালত অসম আছিল জন জাতীয় গোষ্ঠীৰ অথাৰ্ৎ অনাৰ্য জাতিৰ বসতিস্থান৷ ঘাইকৈ কছাৰী ,চুটীয়া, কোচ ,মেচ , ডিমাচা , দেউৰী, মিচিং , বড়ো, কাৰ্বি আদিৰ বসতি স্থান৷ গতিকে মূলতে অসমীয়া সংস্কৃতিৰ ধাৰক এইবোৰ জাতি গোষ্ঠীয়েই আছিল৷
ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগত অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল৷ চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা আৰn হুকং উপত্যকাৰ পৰা মংগোলীয় গোষ্ঠীৰ লোকসকল আহিল৷ অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজা ভাষা ধৰ্ম আৰু সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰিব লগা হয়৷ অসমলৈ অহা আহোম সকলে নিজৰ পূৰ্বৰ কৃষ্টি- সংস্কৃতি পৰিহাৰ কৰি হিন্দুধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিলে৷ তেনেদৰে চাহ জনজাতি আৰু মুছলমান সকলেও থলুৱা ৰীতি নীতি গ্ৰহণ কৰি পূৰ্বৰ ৰীতি নীতিৰে সৈতে সমিল মিলেৰে অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহনা যোগালে৷ এটা সময়ত আৰ্য সংস্কৃতিতকৈ প্ৰাক্ আৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ আছিল৷ এই দেশলৈ আহোম মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিল৷ কোনোবাই দেশ জয় কৰিবলৈ আহিল আৰু কোনোবাই যুদ্ধ বন্দী হিচাপে ৰ’ল৷ কোনোবাই বেপাৰ-বাণিজ্য কৰিবলৈ আহি নিগাজীকৈ বহি ল’লে৷ কোনোবা আকৌ পূজা- পাৰ্বন অথবা তীৰ্থ সংক্ৰান্তত অসমলৈ আহিল৷ বহুতে আকৌ ৰজা ঘৰীয়া পৃষ্ঠপোষকতাত অসম দেশত নিগাজী কৈ বহিল৷ সেই কালৰ সহজ সৰল কছাৰী, চুটীয়া, কোচ, বড়ো আদিয়ে নি ৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে৷ সকলোৱে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল’লে৷ একে ভৌগলিক পৰিবেষ্টনীত থাকি ওচৰা উচৰি কৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল৷ সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ
ধৰিলে৷ এইয়া হ’ল এটা সংস্কৃতি সম্পন্ন জাতিৰ আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱা অৱস্থা৷ এনেদৰে বাহিৰৰ পৰা বিভিন্ন উদ্দেশ্য লৈ অহা লোকসকলে অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি থলুৱা সংস্কৃতি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগালে৷ অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্যই হৈছে সমন্বয় আৰু এনে সমন্বয় ভাষা , সাহিত্য, স্থাপত্য, ভাস্কৰ্য , চিত্ৰকলা , সাজপাৰ , অলংকাৰ প্ৰভূতি সকলো দিশতে পৰিলক্ষিত হয়৷
Q - 12. ‘বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল৷’ -- ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে , কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে - পাঠৰ আলমত বিচাৰ কৰা ৷
উত্তৰ - ইয়াত ঔদ্যোগিক আৱেষ্টনী মানে বৃটিছ সকলে অসমত স্থাপন কৰা চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে৷
অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল’লে৷ এই উদ্যোগত কাম কৰিবলৈ বিহাৰ , উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি বিভিন্ন অঞ্চলৰ পৰা লোক সকল আহিছিল৷ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি অসমৰ চাহ উদ্যোগৰ অপৰিহাৰ্য কৰ্মীৰূপে এইসকল অসমত বৰ্তি থাকিল৷ কালক্ৰমত এই সকলেই নিজৰ কৃষ্টি - সংস্কৃতি কিছু সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত কথা গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে৷ কিন্তু এইসকল লোকৰ কোনো ধৰণৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈ ৰ’ল৷ অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ’ল তেওঁলোকৰ বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰাও আঁতৰিও থাকিল৷
Q - 13. ‘এটা সংমিশ্ৰিত - সংস্কৃতি জাতি , ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই৷’ - ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে৷ ‘নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই৷’ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা৷
উত্তৰ - ‘এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি - ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই’ -- ইয়াত লিখকে অসমীয়া জাতি যে বিভিন্ন জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণত গঠিত হৈছে তাকে বুজইছে৷
অসম ৰাজ্যখন বিভিন্ন জাতি , উপজাতি , জনগোষ্ঠীৰ মিলন ভূমি৷ অসমত প্ৰাচীন কালৰে
পৰা ভিন ভিন জাতি জনগোষ্ঠীৰ লোক আহি বসবাস কৰিছিল৷ অসমৰ থলুৱা লোক সকলেও বাহিৰৰ পৰা অহা সকলো জাতি, জনগোষ্ঠীকে আকোঁৱালি লৈছিল৷ একে ভৌগলিক পৰিৱেষ্টনিত থাকি ওচৰা - উচৰিকৈ এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল৷ বাহিৰৰ পৰা অহা সকলোৱেই এই দেশ খনক নিজৰ দেশ বুলি ল’লে ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে৷ গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল৷ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল৷ এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি , আচাৰ - ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে৷ খোৱা বস্তু, ৰন্ধন প্ৰকৰণ, পোছাক -পৰিচ্ছদ, আচবাব পত্ৰ, সাজ-সজ্জ্বা সকলোতে পৰিৱৰ্তন ৰহন পৰিল৷ ভাষাৰ ক্ষেত্ৰতো থলুৱা অসমীয়া শব্দ ভাণ্ডাৰত আন ভাষাৰ শব্দমালাই ঠাই পালে৷ গতিকে অসমীয়া সংস্কৃতিক ইয়াৰ পূৰ্বৰ থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰি আহোম মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ -ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদানৰ সংমিশ্ৰণ ঘটিল৷ গতিকে ক’ব পাৰি যে অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই৷
Q - 14. ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল৷’ কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখাঁ৷
উত্তৰ - অসম দেশখন বিভিন্ন জাতি , উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰে ভৰপূৰ৷ অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি জনগোষ্ঠীৰ লোক আহি বসবাস কৰিছিল৷ ত্ৰয়োদশ শতিকাত হ
হুকং উপত্যকা আৰু দক্ষিণ পশ্চিম চীন দেশৰ পৰা মংগোলীয় সকল আহি অসমত প্ৰবেশ কৰে৷ এইসকল অহাৰ আগতে অসম আছিল কছাৰী, ছুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা , কাৰ্বি আদিৰ বসতি স্থান৷ তেওঁলোকে বাহিৰৰ পৰা অহা সকলো জাতি জনগোষ্ঠীক আকোঁৱালি লৈছিল৷ একে ভৌগোলিক পৰিবেষ্টনিত থাকি ওচৰা উচৰিকৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ’ল৷ সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতিচ ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে৷ এইদৰে বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন সংস্কৃতি সম্পন্ন জাতিয়ে অসমীয়া সংস্কৃতিৰ লগত জাহ গ’লে৷ ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিবলৈ ধৰিলে৷
এই ৰূপান্তৰ মনৰ পৰা সৃষ্টি হৈছিল৷ ইয়াক কোনোৱে কাকো জাপি দিয়া নাছিল৷ এইয়া আছিল দিয়া -লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা৷ কোনোৱে কাকো জাপি দিয়া নাছিল৷ এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ - ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে৷ খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰনৰো সাল সলনি হ’ল৷ পোছাক -পৰিচ্ছদতো পৰিৱৰ্তনে দেখা দিলে৷ দৈনন্দিন ব্যৱহাৰ আচবাব
পত্ৰতো পৰিৱৰ্তনে দেখা দিলে৷ দৈনন্দিন ব্যৱহাৰৰ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে নতুন সাজ-সজ্জা, অলংকাৰ আহিল৷ ভাষাৰ ক্ষেত্ৰতো থলুৱা অসমীয়া শব্দ ভাণ্ডাৰত আন ভাষাৰ শব্দমালাই ঠাই পালে৷ এইদৰেই লাহে লাহে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল৷
Q - 15. তাৎপৰ্য ব্যাখ্যা কৰাঃ
ক] দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা৷
উত্তৰ - প্ৰশ্নোক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা[নতুন]’ৰ অন্তৰ্গত আব্দুল ছাত্তাৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷
ভিন ভিন জাতি জনগোষ্ঠীৰ বাসভূমি অসমৰ একতাৰ এনাজৰী অসমীয়া ভাষাৰ কথা ক’বলৈ যোৱাৰ প্ৰসংগত লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে৷
অসমত বিভিন্ন সময়ত অনেক লোক বাহিৰৰ পৰা আহিছিল৷ অসমত আগৰে পৰা বাস কৰা থলুৱা লোক সকলে তেওঁলোকক আঁকোৱালি ল’লে৷ বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা - সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে৷ অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে গ্ৰহণ কৰিছিল৷ অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষা হিচাপে গ্ৰহণ কৰিছিল৷ ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে ব্ৰাহ্মণ -ক্ষত্ৰিয়ই সংস্কৃতিৰে আৰু মুছলমানে আৰবী ফাছীৰে কথা নাপাতে৷ এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া৷ এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি- জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল৷
Q - খ] এই গোটেইবোৰ হ’ল স্বত: প্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া৷
উত্তৰ - প্ৰশ্নোক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা[নতুন]’ৰ অন্তৰ্গত আব্দুল ছাত্তাৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷
অসমৰ ভিন ভিন জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয়ৰ প্ৰক্ৰিয়াৰ কথা ক’বলৈ যাওঁতে লিখকে এই কথাষাৰ উল্লেখ কৰিছে৷
অসমত এটা সময়ত সামাজিক বাধা নিষেধৰ কাৰণে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ মাজত মুকলি ভাৱে বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত খোৱা বোৱা নচলিছিল৷ পৰৱতীৰ্ সময়ত জাতিকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া সবাহ , মৰা -সকাম আদিত ভিন ভিন জাতিৰ লোক ভাগ
ল’ব পৰা হৈ উঠিছিল৷ সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে৷ এইবোৰ এক স্বাভাৱিক প্ৰক্ৰিয়া এইবোৰ স্বত:প্ৰণোদিতভাৱে হৈছিল৷ এটা সম্প্ৰদায়ৰ ভাললগা কিছুমান ৰীতি নীতি, আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে ৷ এইদৰে দিয়া লোৱা আৰু এৰা -ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছিল৷
Q - গ] এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা৷
উত্তৰ - প্ৰশ্নোক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা[নতুন]’ৰ অন্তৰ্গত আব্দুল ছাত্তাৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ পাঠটিৰ পৰা তুলি দিয়া হৈছে৷
লিখকে বৃহৎ অসমীয়া জাতিৰ সমন্বয়ৰ কথা ক’বলৈ যোৱাৰ প্ৰসংগত উক্তকথাষাৰ ব্যক্তকৰিছে৷
অসমলৈ ভিন ভিন সময়ত বিভিন্ন জাতি , জনগোষ্ঠীৰ লোকৰ প্ৰবজন ঘটিছিল৷ তেওঁলোকে নিজৰ মাতৃ ভূমিৰ ভাষা সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল৷ এইয়া হৈছে এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা৷ এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে৷ সেইদৰে খোৱা লোৱা, ৰন্ধন প্ৰকৰণ, পোছাক - পৰিচ্ছদ, আচবাব, সাজ-সজ্জা অলংকাৰ আদি সকলো ক্ষেত্ৰতে সমিল মিল ঘটিল৷ এই সকলোবোৰৰ সমন্বয় ঘটিছিল স্বত:স্ফূৰ্তভাৱে ৷ কোনোৱে কাকো একো জাপি দিয়া নাছিল৷ ই আছিল দিয়া -লোৱা আৰু এৰা ধৰা ব্যৱস্থা৷