Long Question for 7/8 Marks

Q - 1. অনুবাদ কৰা - ক)খণ্ড নং- ১ – পৃথিব্যা ভূভূাগো জলভাগো –––––– অপমৰণমপি জনয়তি ৷

উত্তৰঃ– অনুবাদ – পৃথিৱীৰ ভূ - ভাগ, জলভাগ আৰু বায়ুমণ্ডল যেতিয়া অশুদ্ধ পদাৰ্থৰ সংযোগত দূষিত হয় তেতিয়া তাকে প্ৰদূষণ বোলা হয় ৷ আধুনিক যুগত প্ৰদূষণ সমস্যাই জগতত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে ৷ বিজ্ঞানৰ অপ প্ৰয়োগ আৰু মানুহৰ সমাজ সচেতনতাৰ অভাৱ প্ৰদূষণৰ প্ৰদান কাৰণ ৷ প্ৰদূষণৰ দ্বাৰা কেৱল মানুহৰ স্বাস্থ্য হানিয়েই নহয় তদুপৰি দূৰাৰোগ্য বেমাৰো হয় ৷ কোনো কোনো পানী আদিৰ প্ৰদূষণে প্ৰাণীসমূহৰ অপমৰণো ঘটাইছে ৷


Q - 1. খ) খণ্ড নং- ২ – ভূভাগস্য প্ৰদূষনম্ ------- ৰোগানাং প্ৰাদুৰ্ভাৱো ভৱতি ৷

উত্তৰঃ– অনুবাদ – পৃথিৱীৰ মাটিভাগৰ বহু ধৰণে প্ৰদূষণ হ’ব পাৰে, প্ৰাচীন কালৰ পৰাই ভাৰতীয় প্ৰাণীসকলে এই বিষয়ে চিন্তা - চৰ্চা কৰিছে ৷ প্ৰাচীন কালতো মানুহৰ উপযুক্ত শিক্ষাৰ অভাৱত মাটি আৰু পানী আদি প্ৰদূষিত হৈছিল ৷ সেয়েহে শাস্ত্ৰবোৰত শস্য পথাৰ, চৰণীয়া পথাৰ, পৰ্বতৰ ওপৰ আৰু নৈ আদিত শৌচ-প্ৰসাৱ কৰাটো নিষেধ কৰা হৈছে ৷ নহলে ভূভাগ জলভাগ প্ৰদূষিত হ’ব পাৰে ৷ আধুনিক যুগতো বহু ঠাইত মানুহে য’তে ত’তে শৌচাদি কৰে ৷ তাৰ দ্বাৰা বেমাৰ আদিৰ প্ৰাদুৰ্ভাৱ হয় ৷


Q - 1. গ) খণ্ড নং- ৩/৪/৫ – বত্তৰ্মানকালে ভাৰতবষেষুৰ্ -------- যেন প্ৰদূষণং নিবাৰিতং ভবেৎ৷৷

উত্তৰঃ– অনুবাদ– বত্তৰ্মান সময়ত ভাৰতবৰ্ষ অন্য দেশবোৰত বিজ্ঞানৰ বহু ধৰণে ব্যৱহাৰ হৈছে৷ সকলোতে কীট্নাশক দ্ৰব্যবোৰৰ অধিক প্ৰয়োগৰ পৰা কেৱল শস্যবোৰেই দূষিত হোৱা নাই বৰং মাটিৰো ডাঙৰ ক্ষতি হৈছে৷ গতিকে অভিজ্ঞসকলে কৃষকসকলক উপযুক্ত শিক্ষা দিব লাগে যাতে এনেকুৱা ক্ষতি নহয় ৷ আধুনিক যুগত ৰাসায়নিক দ্ৰব্যবোৰৰ অধিক প্ৰয়োগ হৈছে, যন্ত্ৰ প্ৰধান দেশবোৰত যান্ত্ৰিক উদ্যোগবোৰৰ বহুলত দেখা যায় ৷ সেইবোৰৰ পৰা বহুতো ৰাসায়নিক পদাৰ্থ আৰু আৱৰ্জনা ওলায় ৷ সেইবোৰৰ মালিক আৰু কৰ্মচাৰীসকলে সেই সকলো য’তে ত’তে পেলায়৷ তাৰ দ্বাৰা মাটিভাগৰ মহৎ ক্ষতি হয় ৷ এই পদাৰ্থবোৰৰ ভিতৰত প্লাষ্টিক আদিবোৰ ভূমিভাগৰ বিশেষ ক্ষতিকাৰক ৷


Q - 1. ঘ) জলপ্ৰদূষণম্– [পানী প্ৰদূষণ] - খণ্ড নং- ৬ – ভূমি প্ৰদূষণম্ ইৱ জলপ্ৰদূষনমপি ------- ৰোগাগ্ৰস্তা ভবিতুম্ অৰ্হস্তি ৷

খণ্ড নং- ৬ – ভূমি প্ৰদূষণম্ ইৱ জলপ্ৰদূষনমপি ------- ৰোগাগ্ৰস্তা ভবিতুম্ অৰ্হস্তি ৷ উত্তৰঃ– অনুবাদ – মাটি প্ৰদূষণৰ দৰে পানী প্ৰদূষনেও বৰ্তমান যুগত পৃথিৱীৰ মহৎ সমস্যাৰ সৃষ্টি কৰিছে ৷ পানী প্ৰদূষণ তিনি প্ৰকাৰৰ হ’ব পাৰে [পুখুৰী আদি] জলাশয় প্ৰদূষণ, নৈৰ পানী প্ৰদূষণ আৰু সাগৰৰ পানী প্ৰদূষণ ৷ জলাশয়ৰ কাষত শৌচ-প্ৰসাৱদি কৰিলে পানী প্ৰদূষিত হয়৷ লেতেৰা বস্তু পানীত পেলালেও জলাশয়ৰ পানী প্ৰদূষিত হয় ৷ মৃত জন্তু পেলালেক সেই পানী অধিক ভাৱে প্ৰদূষিত হয়৷ আধুনিক যুগত বহু ঠাইত জলাশয়ৰ কাষত উদ্যোগবোৰ প্ৰতিষ্ঠিত হৈছে ৷ তাৰ পৰা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ বাহিৰ হৈ পানীত পৰে তেতিয়া জলাশয়ৰ পানী বিষাক্ত হয় ৷ তাৰ দ্বাৰা মাছ আদিৰ ৰোগ হয়, মৃত্যু মুখতো পৰে ৷ বিষাক্ত পানীৰ মাছ খাই মানুহো ৰোগগ্ৰস্থ হ’ব পাৰে ৷


Q - 1. ঙ) খণ্ড নং- ৭ – আধুনিক যুগে নদীজলস্য----------- নদীনাং সৈৱ দশা জাতা৷

উত্তৰঃ– অনুবাদ– আধুনিক যুগত নৈৰ পানীৰ প্ৰদূষণে প্ৰৱল সমস্যাৰ সৃষ্টি কৰিছে ৷ কেৱল ভাৰততে নহয় আনকি পাশ্চাত্য দেশ সমূহতো এয়া এক অতি গম্ভীৰ সমস্যা ৷ ইংলেণ্ড দেশত তৈমস্ নৈৰ পানী বহু ধৰণে প্ৰদূষিত হৈছে ৷ এই কথা টি এম্ ইলিয়ট মহোদয়ে নিজৰ গ্ৰন্থত উল্লেখ কৰিছে ৷ ভাৰতবৰ্ষত গঙ্গানৈক অতি পবিত্ৰ জ্ঞান কৰা হয় ৷ বৰ্তমান সময়তে সেই গঙ্গানৈ খনো দূষিত হৈছে ৷ যিসকল লোক নৈৰ পাৰত বাস কৰে তেওঁলোকে গঙ্গানৈৰ জলৰাশি সকলো দিশৰ পৰা দূষিত কৰে ৷ তেওঁলোকে সকলো লেতেৰা বস্তু গঙ্গাৰ পানীত পেলায় ৷ বিশেষকৈ মৃতলোকৰ শৱবোৰ গঙ্গাৰ পানীত বহুলোকে পেলায়৷ তেওঁলোকে নাজানে যে ইয়াৰ দ্বাৰা পানীৰ প্ৰদূষণ বৃদ্ধি হয় ৷ এতিয়া গঙ্গাৰ পানী পৰিষ্কাৰ কৰিবলৈ সেই ঠাইৰ চৰকাৰে কিবা কিবি যোজনা গ্ৰহণ কৰিছে, যদি সেই পৰিকল্পনা সফল হয় তেন্তে গঙ্গা প্ৰদূষণমুক্ত হ’ব পাৰে ৷ অসম প্ৰদেশত ব্ৰহ্মপুত্ৰ আৰু ভৰলুনৈৰ একে দশা হৈছে৷ নৈবোৰৰ পানী কেৱল শৌজ-প্ৰসাৱাদি লেতেৰা বস্তুৰ দ্বাৰাই প্ৰদূষিত নহয় ৷ তাতোকৈ ভয়ানক কথাটো হ’ল নৈৰ পানীত ৰাসায়নিকপদাৰ্থবোৰ পৰাটো ৷ এই পদাৰ্থবোৰে জলভাগক সকলো দিশৰে পৰা বিষাক্ত কৰে ৷ ইয়াৰ দ্বাৰা মানুহৰ স্বাস্থ্য হানি হয় ৷ আনকি বহুৰোগৰো উৎপত্তি হয় ৷ সাম্প্ৰতিক সময়ত অন্ধ্ৰপ্ৰদেশৰ মালাঘাড়ুগ্ৰাৱত নদীৰ বিষাক্ত পানী খাই বহুসংখ্যক গৰু অজীৰ্নৰোগত মৰিছে ৷ গঙ্গা আৰু কাৱেৰী নৈৰ পাৰত বহুতো উদ্যোগ স্থাপিত হৈছে ৷ তাত বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ পৰি নৈৰ পানী প্ৰদূষিত কৰে ৷ এতিয়া ঠাই বিশেষে গঙ্গাৰ পানীসেৱন কৰি লগে লগে মৃত্যু মুখত পৰে ৷ অসমত গুৱাহাটীত তেল শোধানাগাৰৰ আৱৰ্জনাসমূহ ভৰলু নৈত পেলায় ৷ তাৰ দ্বাৰা সেই পানী সকলো দিশৰ পৰা কলুষিত হয়৷ মথুৰা আদি ঠাইত যমুনা আদি নৈবোৰৰ সেই দশাই হৈছে ৷


Q - 1. চ) খণ্ড নং- ৮– জলাশয়স্য নদীজলস্য বা -------- লোকানামপি ক্ষতিয়তে ৷

উত্তৰঃ– অনুবাদ – জলাশয় বা নদীৰ পানীৰ প্ৰদূষণ নিবাৰণত চৰকাৰৰ যত্ন আৰু মানুহৰ স্বাস্থ্য চেতনাৰ আৱশ্যক ৷ কিন্তু উদ্যোগৰ মালিকসকলৰ অনীহা প্ৰদূষণ আঁতৰোৱাৰ প্ৰধান অন্তৰায় ৷ তেওঁলোকৰ সহযোগ সদায় প্ৰয়োজনীয় নহলে কিছুমান লোকৰ ডাঙৰ অনিষ্ট হ’ব৷ সমুদ্ৰৰ পানীৰ প্ৰদূষণ আধুনিক সময়ৰ আন এটা ডাঙৰ সমস্যা ৷ যিবিলাক পদাৰ্থৰ দ্বাৰা নৈৰ পানী প্ৰদূষিত হয়৷ সেইবোৰৰ দ্বাৰাই সমুদ্ৰজলো প্ৰদূষিত হয় ৷ কিন্তু সমুদ্ৰত তাতোকৈ ভয়াবহ ঘটনা ঘটে, আমেৰিকা আদি দেশবোৰে সাগৰৰ পানীত তেজস্ক্ৰিয় পদাৰ্থবোৰ পেলায় ৷ তাৰ দ্বাৰা জলচৰ জন্তুবোৰৰ মৃত্যু হয় ৷ পানীৰ প্ৰদূষণৰ পৰা সময়ত মানুহৰো ক্ষতি হয় ৷


Q - 1. ছ) খণ্ড নং- ৯ – বায়ু প্ৰদূষণম্ - অধুনা সৰ্বেষু দেশেষু ---------শব্দনিয়ন্ত্ৰনং কত্তৰ্ব্যম্৷

উত্তৰঃ– অনুবাদ– বায়ু প্ৰদূষণঃ এতিয়া সকলো দেশতে উদ্যোগবোৰৰ বহুলতা দেখা যায় ৷ উদ্যোগবোৰৰ পৰা অতিমাত্ৰা ধোৱা আদি ওলাই বায়ু মণ্ডল দূষিত কৰে ৷ যান বাহনাদিৰ পৰাও ধোৱা ওলাই বায়ু প্ৰদূষণ কৰে ৷ বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্য হানি কৰে৷ কফ আদি ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰায়ে বায়ু প্ৰদূষণৰ পৰা হয় ৷ উদ্যোগবোৰৰ বাবে বায়ুমণ্ডল অতিমাত্ৰা প্ৰভাৱিত হয়৷ ইয়াৰ ওজনস্তৰত ফুটা ওলায়৷ সেই ফুটাৰে সূৰ্য মণ্ডলৰ পৰা ক্ষতিকৰ ৰশ্মিবোৰ অধিকমাত্ৰাত পৃথিৱীত প্ৰবেশ কৰে ৷ ইয়াৰ দ্বাৰা অনেক বেমাৰৰ উৎপত্তি হয়৷ বায়ুমণ্ডলৰ প্ৰদূষণৰ পৰা পৃথিৱীৰ উত্তাপো ক্ৰমান্বয়ে বৃদ্ধি হৈছে ৷ ই প্ৰাণীবিলাকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷ শব্দ প্ৰদূষণ বায়ু প্ৰদূষণৰে আন এটা বিষয় ৷ বৰ্তমান যুগত যান্ত্ৰিক বাহনবোৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে৷ তাৰদ্বাৰা শব্দ বাঢ়ি যোৱা অনুভূত হৈছে৷ শব্দৰ অধিক্যণ্ড বায়ু প্ৰদূষণৰ কাৰণ ৷ অধিক শব্দ শুণাৰ পৰা মানুহ উন্মত্তত [পাগল পৰ্যন্ত] হ’ব পাৰে ৷জাম্বু [জেট্] বিমানৰ শব্দই হূদৰোগ বাঢ়ে বুলি প্ৰায়ে আলোচনা কৰা হয়৷ গতিকে শব্দ নিয়ন্ত্ৰণ কৰা উচিত ৷


Q - 1. জ) খণ্ড নং- ১০ – প্ৰদূষণ্য নিৰোধস্যোপায়াঃ [প্ৰদূষণ নিৱাৰণৰ উপায়বোৰ]–

উত্তৰঃ– অনুবাদ– প্ৰদূষণ নিৱাৰণ কৰাটো অতি কঠিন কৰ্ম৷ তথাপি সমাজৰ হিতাকাংক্ষীসকলে এই বিষয়ত যত্ন কৰা কত্তৰ্ব্য৷ হিতাকাংক্ষীসকলে এই বিষয়ত যত্ন কৰা কত্তৰ্ব্য ৷ ভূমিভাগৰ প্ৰদূষণ নিৱাৰণৰ বাবে এই উপায়বোৰ গ্ৰহণ কৰা উচিত ৷ ক] য’তে ত’তে অপকাৰী বস্তু পেলাব নালাগে ৷ খ] কীটনাশক দ্ৰব্য প্ৰয়োগৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে ৷ গ] মানুহৰ মাজত চৰকাৰ আৰু সমাজ চিন্তকসকলে স্বাস্থ্য চেতনা জগাব লাগে ৷ ঘ] মাটি অনিষ্টকাৰক পদাৰ্থবোৰ অন্য ঠাইত থব বা নষ্ট কৰিব লাগে ৷ জল প্ৰদূষণৰ নিৱাৰণ - জল প্ৰদূষণৰ নিৱাৰণৰ বাবে এই ব্যৱস্থাবোৰ লব লাগে ৷ ক] পানী প্ৰদূষণ কৰা বস্তুবোৰ পানীত পেলাব নালাগে৷ তাৰ বাবেও মানুহৰ চেতনা থকা আৱশ্যক ৷ খ] শিল্পক্ষেত্ৰ বা উদ্যোগবোৰ নৈৰ পৰা আঁতৰত স্থাপন কৰিব লাগে ৷ গ] ৰাসায়নিক পদাৰ্থবোৰ যাতে পানীত নপৰে তাৰবাবে ব্যৱস্থা ল’ব লাগে ৷ ঘ] সাগৰৰ পানীৰ প্ৰদূষণ নিৱাৰণৰ বাবে সকলো দেশৰ সহমত থকা আৱশ্যক ৷ বায়ু প্ৰদূষণৰ নিৱাৰণ - বায়ু প্ৰদূষণৰ নিৱাৰণ অতি কঠিন কাম ৷ বৰ্তমান সময়ত বহু নগৰত যান-বাহনৰ ধোৱা নিয়ন্ত্ৰণ কৰা হৈছে ৷ উদ্যোগবোৰৰ পৰা যি প্ৰদূষণ হয়, তাৰ নিৱাৰণৰ বাবে আইন বিশেষ কৰা উচিত৷ কিন্তু তাতো দেশবোৰৰ সহযোগৰ আৱশ্যক ৷ শব্দ প্ৰদূষণ নিৱাৰণৰ বাবেও কিছু আইনৰ প্ৰয়োজন ৷ কিন্তু বিজ্ঞানীসকলৰ সহায় নহলে বায়ু প্ৰদূষণৰ সফলনিৱাৰণ সম্ভৱ নহয় ৷


Dictionary
× Home Tutors Institutes About Us Contact Us Faq